ধেমাজি,২৬জুলাই,:

আজি কার্গিল বিজয় দিৱস প্ৰতিবছৰে ২৬ জুলাই তাৰিখে কার্গিল বিজয় দিৱস পালন কৰা হয় ,১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতে সফলতাৰে কাৰ্গিলৰ উচ্চ চৌকিসমূহ পুনৰ নিয়ন্ত্ৰণলৈ আনিছিল।ধেমাজি বিজেপি মূখ্য কাৰ্যালয়ত বিজেপি যুৱ মৰ্চা জিলা সমিতিৰ উদ্যোগত প্ৰভাত ফেৰী কাৰ্যসূচী অনুষ্ঠিত কৰে ।ভাৰতীয় জনতা যুৱ মৰ্চা ৰাজ্যিক সমিতিৰ নিৰ্দেশনা মৰ্মে আজি ধেমাজি জিলাৰ মূখ্য কাৰ্যালয়ত ভাৰতীয় জনতা যুৱ মৰ্চা ধেমাজি জিলা সমিতিৰ উদ্যোগত ,নগৰ মণ্ডলৰ সহযোগত এখনি বিশেষ সাংগঠনিক সভাৰ অনুষ্ঠিত হয়, দেশ মাতৃৰ কাৰণে যুদ্ধত প্ৰাণ বিসৰ্জন দিয়া সৈনিক সকলক স্মৰণ কৰি প্ৰভাত ফেৰী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।সভাৰ পাছতে দেশ মাতৃৰ কাৰণে যুদ্ধত প্ৰাণ বিসৰ্জন দিয়া সৈনিক সকলক স্মৰণ কৰি এক শুভাযাত্ৰা বাহিৰ কৰে,জিলা যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বন্তি প্ৰজ্বলন কৰে আমগুৰি পঞ্চায়তৰ সভানেত্ৰী উষাৰাণী কুলি গগৈয়ে।উক্ত কাৰ্যসূচীত উপস্থিত থাকে জিলা সভাপতি প্ৰেম দত্ত, নগৰ মণ্ডলৰ সভাপতি শশাংক কাকতি, যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়া, সাধাৰণ সম্পাদক নৱজিৎ কোঁৱৰ, লগতে ১২ টা মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ লগতে দলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকল।