মুম্বাই, ২০ আগষ্ট। পাকিস্তানৰ পৰা দেশৰ মায়ানগৰীলৈ ভাবুকি। মুম্বাইত ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি পাকিস্তানৰ। মুম্বাইৰ ট্ৰাফিক কণ্ট্ৰল ৰুমলৈ ভাবুকিৰ এক বাৰ্তা প্ৰেৰণ কৰিছে পাকিস্তানে । মুম্বাই আৰক্ষীৰ মতে, ট্ৰাফিক পুলিচ কণ্ট্ৰল ৰুমৰ হোৱাটছএপ নম্বৰত আহিছে এই ভাবুকিৰ বাৰ্তা। এতিয়া এই বাৰ্তাৰ পিছত মুম্বাইত হাই এলাৰ্ট জাৰি কৰা হৈছে। বিধানসভাৰ বিৰোধী দলপতি অজিত পাৱাৰে প্ৰশাসন আৰু চৰকাৰক এই বাৰ্তাক গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান জনাইছে।

উক্ত বাৰ্তাটোত ৬ টা সন্ত্ৰাসবাদী ভাৰতত উপনীত হৈছে বুলি দাবী কৰা হৈছে। অচিৰেই মুম্বাইত ২৬/১১ৰ দৰে আক্ৰমণ হ’ব। যিকোনো সময়তে আক্ৰমণ হ’ব পাৰে। ২৬/১১ আক্ৰমণৰ কথা মনত ৰাখিব লাগিব বুলি কৈছে এই বাৰ্তাত।

উল্লেখযোগ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ ১০ জন সন্ত্ৰাসবাদীয়ে মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল। এই আক্ৰমণত আৰক্ষীয়ে তেওঁলোকৰ জীৱন বিপদত পেলাই আজমল কাছাবক জীৱন্তে ধৰি গ্ৰেপ্তাৰ কৰিছিল। বিচাৰৰ অন্তত আজমল কাছাবক ফাঁচী দিয়া হৈছিল। এই আক্ৰমণত ১৭৪ জন নিৰীহ লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হৈছিল। নিহতসকলৰ ভিতৰত ২০ জন জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু আৰক্ষীও আছিল। পাকিস্তানৰ পৰা অহা এই বাৰ্তাৰ বাবে মুম্বাইবাসীৰ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।