এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে চলোৱা এক অভিযানত গঁড়ৰ খৰ্গসহ এজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

যোৰহাট মহবন্ধা পথত চলা নাকা চেকত আৰক্ষীয়ে চোৰা ব্যৱসায়ীজনক আটক কৰে।

গঁড়ৰ খৰ্গৰ সৈতে আটক হোৱা চোৰাং ব্যৱসায়ীজন তিতাবৰ চেঙেলি চেতিয়া গাঁৱৰ কাদিৰ আহমেদ বুলি জানিব দিয়ে আৰক্ষীয়ে।

এই চোৰাং চক্ৰৰ লগত আৰু অধিক লোক জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বৰ্তমান চোৰাং ব্যৱসায়ীজনৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে।