কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কীৰ্তি জল্লীয়ে আজি এক জাননীৰ জৰিয়তে ২১ ,২৮ আগষ্ট আৰু ১১ চেপ্তেম্বৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাছনিৰ লিখিত পৰীক্ষা মুক্ত, নিকা, স্বচ্ছ তথা নিয়াৰিকৈ সম্পন্ন কৰাৰ স্বাৰ্থত উক্ত দিন কেইটাত লিখিত পৰীক্ষা চলি থকা সময়ছোৱাত জিলাখনৰ পৰীক্ষা অনুষ্ঠিত হোৱা কেন্দ্ৰ সমূহত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ।

 সেই অনুসাৰে পৰীক্ষা কেন্দ্ৰ সমূহৰ ১০০ মিটাৰ ব্যসাৰ্দ্ধৰ ভিতৰত প্ৰাৰ্থী , প্ৰতিলিপিকাৰ ( স্ক্ৰাইব ) তথা পৰীক্ষাৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীৰ বাদে অন্য লোকৰ উপস্থিতিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষাৰ্থী সকলে মোবাইল ফোন ( আনকি বন্ধ কৰি থোৱা অৱস্থাত থাকিলেও ), যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী, প্ৰ’গ্ৰেমেবল ডিভাইচ বা ষ্ট’ৰেজ মিডিয়া ডিভাইচ যেনে- স্মাৰ্ট ঘড়ী, হেল্থ বেণ্ডছ, ইলেক্ট্ৰনিক পেন/ স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়েৰ ফোন, মাইক্ৰ’ফোন বা অন্য কোনো সঁজুলি (চলিত বা বন্ধ অৱস্থাত থকা), যোগাযোগৰ বাবে সক্ষম ডিভাইচ, কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা,পাঠ্যক্ৰম সম্পৰ্কীয় সামগ্ৰী (ছপা বা হাতেলিখা) বা পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিব পৰা আন যিকোনো সামগ্ৰী কঢ়িয়াই অনাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা ভংগ কৰিলে সংশ্লিষ্ট আইনমতে দণ্ডনীয় হব বুলি জাননীখনত কোৱা হৈছে।