দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে ৭নং পোহাৰী খনিয়া প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান। আজি পুৱাভাগত উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ হাজৰিকাই বিদ্যালয়ৰ পতাকা উত্তোলন আৰু সম্পাদক জয়ন্ত দাসে শ্বহীদ তৰ্পন কৰে।বিদ্যালয়ৰ মাঙ্গলিক কাৰ্যসূচী শুভাৰম্ভ কৰে শতবৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মুকুন্দ বৰগোহাঁইয়ে। ইয়াৰ পিছতে বৃক্ষৰোপন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰূন্বতী দিহিঙ্গীয়াই।

পুৱাভাগৰ এই কাৰ্যসূচী পিছতেই এক বৰ্ণাঢ্য সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়। গজৰাজক লৈ আৰম্ভ কৰা এই শুভাযাত্ৰাত বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী লগতে বিভিন্ন সাংস্কৃতিক দলৰ দ্বাৰা পৰিৱেশিত বিভিন্ন গীত, নৃত্য, গায়ন - বায়ন পৰিৱেশন কৰা হয়। ১৯২১ চনত প্ৰতিষ্ঠাৰ লাভ কৰা গৰিমামণ্ডিত বিদ্যালয়খনত উপস্থিত হৈয়ে বহু প্ৰাক্তন শিক্ষাৰ্থী আবেগিক হৈ পৰা লগতে অতীতৰ সোনালী দিনবোৰৰ কথা মনত পেলায়।দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱাৰ দেওবাৰে অন্তিমদিনা কাৰ্যসূচীত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হব।