বিদ্যুৎ যোগানত হোৱা অনিয়মৰ বিৰুদ্ধে চিলাপথাৰত শতাধিক আছুয়ে ঘেৰাওঁ কৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়

ধেমাজি জিলাৰ চিলাপথাৰৰ বিভিন্ন অঞ্চলত বিদ্যুৎ যোগানৰ নামত কৰি গৈছে লুকা-ভাকু । ২৪ ঘন্টাৰ ভালকৈ ৫ ঘন্টাই নেথাকে নিয়মিত বিদ্যুৎ সেৱা। আকৌ কেতিয়াবা যদি বিদ্যুৎ থাকে নেথাকে প্ৰয়োজনীয় ভল্টেজ। বিদ্যুৎ বিভাগৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে আজি চিলাপথাৰত শতাধিক আছু কৰ্মীয়ে ঘেৰাওঁ কৰে চিলাপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়। চিলাপথাৰ,চিচিবৰগাওঁ,শ্ৰীপাণি আৰু ডিমৌ আঞ্চলিক আছুৰ শতাধিক কৰ্মীয়ে চিলাপথাৰ শ্বহীদ ভৱনৰ পৰা পদযাত্ৰাৰে সমদল বাহিৰ কৰি ঘেৰাওঁ কৰে চিলাপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়। প্ৰতিবাদী সকলে হাতে হাতে প্লে-কাৰ্ড বেনাৰ পোষ্টাৰ লৈ বিদ্যুৎ বিভাগ হায় হায়, আমাক নিয়মিত বিদ্যুৎ সেৱা যোগান ধৰক, বিদ্যুৎ বিভাগ কাম নাই , আছু জিন্দাবাদ , ইনক্লাৱ জিন্দাবাদ আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তুলে চিলাপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় চৌহদত। ইফালে প্ৰতিবাদীসকলে চিলাপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ যোগেদি অসমৰ শক্তিমণ্ত্ৰী নন্দিতা গালৰ্চলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদী সকলে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাওঁ কৰাৰ ফলত দীৰ্ঘ সময় ধৰি চিলাপথাৰ-জোনাই সংযোগী পথতত আবদ্ধ হৈ পৰে শ শ যান বাহন । প্ৰায় দুই শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে কাৰ্যসূচীত।