আগৰতলা, ১৯ আগষ্ট। বাংলাদেশ সীমান্তত সন্ত্ৰাসবাদীৰ সৈতে সংঘটিত গুলীচালনাত আহত হোৱা সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ)ৰ জোৱানজনৰ শুকুৰবাৰে আগৰতলাস্থিত আই এল এছ চিকিৎসালয়ত মৃত্যু হয়। উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা প্ৰায় ৮:৩০ বজাত ভাৰত বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তত টহল দি থকা অৱস্থাত বি এছ এফৰ দলটোৰ ওপৰত সন্দেহজনক সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাত জোৱানজন আহত হৈছিল।
চিমনাপুৰ সীমান্ত চকীত বি এছ এফৰ জোৱান সকলে নিয়মীয়া টহল দি আছিল। হঠাতে কাঁইটীয়া তাঁৰৰ ফেন্সিঙৰ সিটো পাৰে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে বি এছ এফৰ টহলদাৰী দলটোৰ ওপৰত গুলীচালনা কৰে। বি এছ এফৰ জোৱান সকলেও গুলীচালনাৰ উচিত প্ৰতুত্বৰ দিয়ে।
উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰে সংবাদ মাধ্যমক জনোৱা মতে, গুলীচালনা অপ্ৰৰোচিত হৈছিল।
শুকুৰবাৰে পুৱা উদ্ডেইয়ে নিজৰ সতীৰ্থ জোৱানৰ সৈতে সীমান্তত টহলদাৰী কৰি থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ টহলদাৰী দলটোক এম্বুছ কৰে। নিহত জোৱানজনৰ ঘৰ মধ্যপ্ৰদেশৰ মণ্ডল জিলাত।
বি এছ এফৰ সূত্ৰই জনোৱা মতে বি এছ এফৰ ১৪৫ নং বেটেলিয়নৰ হাবিলদাৰ বি এছ এফৰ ট্ৰুপাৰ গ্ৰীজেশ কুমাৰ উদ্ডেই (৫৩) চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতে শেষ নিশ্বাষ ত্যাগ কৰে। জোৱান জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিবিপি হাস্পতাললৈ প্ৰেৰণ কৰিছে। নিহত উদ্ডেই চাৰিটা গুলীত আহত হৈছিল।
ত্ৰিপুৰা আৰক্ষীৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, চোৰাংচোৱা প্ৰতিবেদন অনুসৰি, বিএছএফৰ ওপৰত সংঘটিত আক্ৰমণত লিবাৰেচন ফ্ৰন্ট অৱ ত্ৰিপুৰাৰ (এন এল এফ টি) জড়িত আছে। এম্বুছত জড়িত আটাইকেইজন সন্ত্ৰসবাদী সেই স্থানৰ পৰা নিৰাপদে পলায়ন কৰিবলৈ সক্ষম হৈছে। পিছত উত্তৰ ত্ৰিপুৰাত ঘটনাস্থলীত উপস্থিত হয় ত্ৰিপুৰা আৰক্ষী আৰু বি এছ এফৰ এটা দল।