বৃহস্পতিবাৰে কৰিমগঞ্জ জিলাৰ দুটা ভিন্ন অঞ্চলৰ পৰা দুজন ভুৱা চিবিআই বিষয়াক ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা লোক কেইজন ক্ৰমে ৰছিদ আহমেদ (৩৫) আৰু দিলোৱাৰ হুছেইন (৩০)ক শুকুৰবাৰে আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
সূত্ৰই জনোৱা মতে, অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দলে চলোৱা অভিযানত এই যুৱক দুজনক গ্ৰেপ্তাৰ কৰে।