তিনিচুকীয়াত প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছমুঠিয়াৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে টাই আহোম ছাত্ৰ সন্থাই।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা ছানচুমা খুংগুৰ বিৰুদ্ধে তিনিচুকীয়াত সৰৱ হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থা।
তিনিচুকীয়াৰ থানা চাৰিআলিত টাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিয়ে প্ৰাক্তন সাংসদ গৰাকীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত প্ৰতিবাদস্থলৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে ছানচুমা খুংগুৰক তীব্ৰ সকীয়নি প্ৰদান কৰে।
দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবীত টাই আহোমসকলৰ লগতে ছয় জনগোষ্ঠীয়ে আন্দোলন কৰি আহিছে, কিন্তু এনে কিছু ব্যক্তিৰ কাৰণে ন্যায্য প্ৰাপ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ছয় জনগোষ্ঠীয়ে বুলিও মন্তব্য কৰে ছাত্ৰ নেতা গৰাকীয়ে।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এনেধৰণৰ মন্তব্যৰ পৰা সকলো পক্ষকে বিৰত থকিবলৈ আহ্বান জনোৱাৰ লগতে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক অতি সোনকালে চৰকাৰে জনজাতিকৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক বুলিও মন্তব্য কৰে টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে।
 
  
  
  
  
   
  