জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্ত দিছে। 

বৰ্তমান তেওঁ উচ্চ শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখ্য যে, ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ভাতৃ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ইয়াৰ পূৰ্বে নলবাৰীকে ধৰি নৱ গঠিত বজালী জিলাৰ প্ৰথমগৰাকী উপায়ুক্ত হিচাপেও দায়িত্ব পালন কৰিছিল।