আজি সোণাৰি আৱৰ্ত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ আলোচনা।

সোণাৰি আৱৰ্ত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টি, চৰাইদেউ জিলা চাহ জনগোষ্ঠীয় মৰ্চাৰ বিষয়-ববীয়া সকলৰ সৈতে এক আলোচনাত মিলিত হয় সাংসদ তপন কুমাৰ গগৈ। দলৰ সাংগঠনিক দিশৰ লগতে চৰকাৰে চাহ জনগোষ্ঠীৰ লোকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ সঠিক ৰূপায়ণৰ সন্দৰ্ভত বিস্তৃত ভাবে আলোচনা কৰা হয়।

এই আলোচনাকালত চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, চাহ জনগোষ্ঠীয় মৰ্চাৰ জিলা সভাপতি বিজয় ভূমিজকে আদি কৰি বিষয়ববীয়া সকল উপস্থিত থাকে।