সাপেখাতীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মানৱ শিংখল।

চৰাইদেউ জিলাৰ সাপেখাতীত "অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ"ৰ সাপেখাতী আঞ্চলিক সমিতিয়ে মূল্য বৃদ্ধিৰ লগতে দৈনন্দিন জীৱনত ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত অতিৰিক্ত জি এছ টি আৰোপ কৰা সিদ্ধান্তৰ বিৰুদ্ধে মানৱ শিংখল কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈ,জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক চন্দন বুঢ়াগোহাঁই,জিলা সমিতিৰ তথ্য আৰু যোগাযোগ সম্পাদক নয়নমণি ৰাজখোৱাৰ লগতে বেঙেনাবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নৱনিত গগৈ উপস্থিত থাকি মানৱ শিংখল কাৰ্যসূচীত সফল ভাৱে ৰূপায়ন কৰে।