সোণাৰিত ICICI বেংকৰ শাখা উদ্বোধন।

সোণাৰি নগৰৰ ভজো চাৰিআলি অঞ্চলত স্থাপন কৰা ICICI বেংকৰ শাখা এটা আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানটোত সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালেমান অতিথি উপস্থিত থাকে।