এখন বিশেষ গাওঁ ৷য’ত সকলোৰে ঘৰে ঘৰে আছে জেট বিমান ৷যিখন ঠাইত বিমান ৰখাটো সাধাৰণ বাহন ৰখাৰ দৰেই একেবাৰেই সাধাৰণ। বাহন ৰখাৰ দৰেই ঘৰৰ গেৰেজত জেট বিমানবোৰ ৰাখে এই গাওঁখনৰ মানুহে ৷এই ঠাইখন হৈছে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ কেমেৰুণ এয়াৰপাৰ্ক ৷এই ঠাইখনৰ সৰহসংখ্যক লোক পাইলট  হিছাপে কাম কৰা ৷অৱশ্যে এই বিমানবোৰ কোনো কামৰ বাবে নহয় কেৱল সেই ঠাইৰ বিমান বন্দৰলৈ অহাযোৱা কৰিবৰ বাবেহে ব্যৱহাৰ কৰা হয়। 

উল্লেখ্য  যে সমগ্ৰ বিশ্বত এনে ধৰণৰ ৬৩০ ৰো অধিক এয়াৰপাাৰ্ক আছে। যাৰ ভিতৰত কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতেই ৬১০ ৰো অধিক আবাসিক এয়াৰপাৰ্ক আছে।