ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়াৰ দ্বাৰা কুমাৰীকাটাত যুৱতীৰ এদিনীয়া ফুটবল খেল প্ৰতিযোগিতা। দিনযোৰ খেলৰ অন্তত ফাইল ৰাউণ্ডত প্ৰৱেশ কৰে কাউলীৰ লিলী ক্লাৱ আৰু গৰুখটোৰ চুপাৰ পাৱাৰ গ্ৰুপ। দুয়োটা দলে চূড়ান্ত খেলত অংশগ্ৰহণ কৰাৰ পূৰ্বে উপস্থিত হয় তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ,অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম,কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱাই। দৰ্শকৰ দৃষ্টি নিবদ্ধ দুয়োটা দলৰ অন্তত প্ৰথম বিজয়ী হয় গাৰুখটোচুপাৰ পাৱাৰ। দ্বিতীয় স্থান লাভ কৰে কাউলীৰ লিলী ক্লাৱে।

প্ৰথম বিজয়ী দলটোক তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষকে  শ্ৰেষ্ঠ বঁটা আৰু প্ৰতিগৰাকী খেলুৱৈক মডেল,মানপত্ৰ আৰু কাপ দিয়াৰ লগতে দ্বিতীয়টো (ৰানাৰ্ছ আপ) স্থান লাভ লাভ কৰা দলটোৰ খেলুৱৈ সকলোকো তামুলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ট্ৰফীৰে দলটোৰ হাতত তুলি দিয়াৰ পিছতে প্ৰতিগৰাকী খেলৈক মেডেল, মানপত্ৰ আৰু কাপ তুলি দিয়া হয়।