শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ একবিংশতিতম্ শিৱসাগৰ বহাগী উৎসৱ সফলতাৰে সম্পন্ন হয় ৷ শিৱসাগৰৰ বিশেষ সামাজিক ও সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ উদ্যোগত, সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম আৰু ভাৰতীয় সাংবাদিক মহাসংঘ-শিৱসাগৰ জিলা সমিতি তথা শিৱসাগৰবাসী ৰাইজৰ সক্ৰিয় সহযোগত যোৱা ইং ১৮ এপ্ৰিল, ৪ বহাগ, শনিবাৰে শিৱসাগৰ দ’লপথ, বৰাট জুয়েলাৰীৰ সন্মুখত এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে “২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ-২০২৬" পৰম্পৰা অনুসৰি সফলতাৰে অনুষ্ঠিত হয়। দিনজোৰা এই অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক সংস্কৃতি অনুৰাগী ৰাইজৰ উপস্থিতি লক্ষ্য কৰা যায়। অনুষ্ঠানৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা সংবাদসেৱী অমৃত কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিতেন কাকতিয়ে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ পাতনি মেলে। ইয়াৰ পিছতে বহাগী উৎসৱ উদ্যাপন সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজসেৱক ক্ষীৰোদ কুমাৰ বৰদলৈয়ে পৰম্পৰাগত ৰীতি-নীতিৰে বিহুৱান উত্তোলন কৰে৷ অনুষ্ঠানৰ গাম্ভীৰ্য বৃদ্ধি কৰি উদ্যাপন সমিতিৰ উপ-সভাপতি অনংগ মোহন শৰ্মাই স্মৃতি তৰ্পণ কৰাৰ লগতে অসমীয়াৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৌৰসভাৰ প্ৰাক্তন সভাপতি তথা সমাজসেৱিকা মৃদুস্মিতা সিংহই বন্তি প্ৰজ্বলন কৰে। এই মুহূৰ্তত উপস্থিত ৰাইজে নীৰৱতা পালন কৰি শিল্পীগৰাকীক স্মৰণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে কন-কন শিশুসকলৰ মাজত শিল্পী প্ৰয়াত মহেন্দ্ৰ নাথ কাকতি সোঁৱৰণী জিলা ভিত্তিত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শিশুসকলৰ সৃজনশীল প্ৰতিভা এই প্ৰতিযোগিতাত সুন্দৰভাৱে প্ৰতিফলিত হয় আৰু অভিভাৱকসকলেও এই অনুষ্ঠানত উৎসাহেৰে অংশগ্ৰহণ কৰা দেখা যায় ৷ ইয়াৰ পিছতেই আৰম্ভ হয় বহুল প্ৰতীক্ষিত বিহু প্ৰতিযোগিতা, য’ত বিহুনাচ আৰু ঢোলবাদনে উৎসৱস্থলী মুখৰিত কৰি তোলে। প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে হাঁহচৰাৰ পোহৰ চেমনীয়া হুঁচৰি দলে, যাৰ সুৰীয়া পৰিবেশনে উপস্থিত দৰ্শকক আপ্লুত কৰে। লগতে বিভিন্ন আমন্ত্ৰিত দলৰ জেং বিহু, হুঁচৰি, শিশু শিল্পী অভ্ৰনীল দত্তৰ গীত পৰিৱেশন আৰু সৃষ্টিশীল নৃত্য প্ৰদৰ্শনে অনুষ্ঠানটি অধিক মনোগ্ৰাহি কৰি তোলে। অনুষ্ঠানৰ এটি উল্লেখযোগ্য পৰ্ব আছিল বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। উক্ত অনুষ্ঠানটি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দুটি গীত পৰিৱেশনেৰে মুকলি কৰে দৰং জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত উদয় শংকৰ দত্তয়ে ৷ তাৰ পিছতেই সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতি বছৰে বিহু মঞ্চত প্ৰদান কৰি অহা *"সমন্বয় শিল্পী সাধনা বঁটা-২০২৬"* এইবাৰ প্ৰদান কৰা হয় প্ৰখ্যাত চলচ্চিত্ৰ তথা মঞ্চ অভিনেতা ৰাজীৱ গোস্বামীক ৷ যিয়ে নিজৰ শিল্পী জীৱনৰ উল্লেখযোগ্য অৱদানৰ বাবে এই বিশেষ সন্মান লাভ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় সাংবাদিক মহাসংঘ, শিৱসাগৰ জিলা সমিতিৰ সম্পাদক অৰ্পনা ভৰালী ৷ উপস্থিত সাংস্কৃতিকপ্ৰেমী ৰাইজে বঁটাপ্ৰাপ্ত শিল্পীগৰাকীক উষ্ম আদৰণি জনায়। নিশালৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা ’সমন্বয় এনিশা’ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বিজয়ানন্দ চেতিয়া এ ৷ সংগীতানুষ্ঠানত পোনপ্ৰথমে আমন্ত্ৰিত শিল্পী হিচাপে গীত পৰিৱেশন কৰে উদীয়মান কণ্ঠশিল্পী ক্ৰমে গাৰ্গী বৰকটকী, সুকন্যা কাশ্যপ আৰু মানস বৰকটকীয়ে ৷ তিনিওগৰাকী সংগীত শিল্পীয়ে হৃদয়স্পৰ্শী গীত পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে। সমগ্ৰ অনুষ্ঠানটোত অসমীয়া সংস্কৃতিৰ ঐতিহ্য, ঐক্য আৰু শিল্পৰ সৌন্দৰ্য্য স্পষ্টভাৱে প্ৰতিফলিত হয়। উল্লেখযোগ্য যে, অনুষ্ঠানৰ জৰিয়তে সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে উদীয়মান শিল্পীসকলক মঞ্চ প্ৰদান কৰাৰ লগতে সমাজত সাংস্কৃতিক চেতনা জাগ্ৰত কৰাৰ প্ৰচেষ্টা পুনৰবাৰ লক্ষ্য কৰা যায়। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ এই পদক্ষেপে ৰাইজৰ মাজত ব্যাপক প্ৰশংসা লাভ কৰিছে। লগতে সমন্বয় এনিশাৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি গীতৰ শৰাই আগবঢ়াই জনপ্ৰিয় কণ্ঠশিল্পী প্ৰত্যাশী কলিতায়ে ৷ প্ৰত্যাশী কলিতাৰ গীতে দৰ্শকক উৎফুল্লিত কৰি তোলে ৷ আনহাতে বহাগী উৎসৱৰ সমূহ অনুষ্ঠান পৰিচালনা কৰে সাংস্কৃতিককৰ্মী পাৰ্থপ্ৰতিম শৰ্মা আৰু ত্ৰিৱেণী কাকতিয়ে ৷