ৰহা সৃজনী স্বৰ সাধনালয়ে অহা ২১মাৰ্চত চতুৰ্থ প্ৰতিষ্ঠা দিৱস প্ৰদান কৰিব সৃজনী সাধনা বঁটা২০২৬

    শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয়, সুগম সংগীত প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰহা সৃজনী স্বৰ সাধনালয়ৰ অধক্ষ্য পংকজ কুমাৰ পাৰৈ জানিব দিয়া অনুসৰী অহা ২১মাৰ্চত সৃজনী স্বৰ সাধনালয়ৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে সৃজনী সাধনা বঁটা ২০২৬প্ৰদান কৰা হব।

   ৰহা প্ৰাঞ্জল মেমোৰীয়ল একাডেমী ত অনুষ্ঠিত হব লগা  প্ৰতিষ্ঠা দিৱস উপলক্ষে ১১বজাত বন্তি প্ৰজ্বলন কৰিব চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ কুমাৰ দাস,সুধাকন্ঠ ড° ভূপেন হাজৰিকা, হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু দিগেন মহন্তৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰিব সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভূঞা,বামুনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ জোনমনি দাস আৰু এমট্ৰন,গুৱাহাটি ৰ অৱসৰ প্ৰাপ্ত প্ৰবন্ধক ভৰত কুমাৰ ভূঞা।

    সাংস্কৃতিক কাৰ্য্যসূচী ৰ উদ্বোধন কৰিব সোনাপুৰ মহাবিদ্যালয় (স্বায়ওশাসিত)অধ্যক্ষ বেদব্ৰত শইকীয়া।

সৃজনী স্বৰ সাধনালয়ৰ শীৰ্ষগীত আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব ৰাষ্ট্ৰীয়  সংস্কৃত গীতিকবি সন্মানপ্ৰাপক ৰঞ্জন বেজবৰুৱা আৰু ১বজাত প্ৰদান কৰা হব সৃজনী সাধন বঁটা ২০২৬

  আমন্ত্ৰিত অতিথি ৰুপে উপস্থিত থাকিব বিশিষ্ট অনুবাদক অনুজা লোপামুদ্ৰা বৰা,কটন মহাবিদ্যালয় ৰ সহকাৰী অধ্যাপিকা তৰালী পাঠক,দৈনিক অসমৰ প্ৰকাশক জ্যোতিষ পৱন বৰদলৈ,বিশিষ্ট কন্ঠশিল্পী চন্দনা ডেকা,বেঙ্ক অব ইন্ডিয়া,দাৰ্জিলিং শাখাৰ প্ৰবন্ধক দিগন্ত কুমাৰ গগৈ প্ৰবীন শিল্পী বিমান গাঁওখোৱা আৰু ৰহা মহাবিদ্যালয় সহকাৰী অধ্যাপক বলোৰাম নাথ।