বৰ্ষ ১৯৯৪ ৰ ১জানুৱাৰীত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ,অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক,শিশুপ্ৰিয়,চিত্ৰশিল্পী,প্ৰকৃতি প্ৰেমী,কবি,লেখক তথা ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক অবনী কুমাৰ শইকীয়াক আজি কবিতা ঘৰৰ দেওবৰীয়া সাপ্তাহিক পাঠদানত সম্বৰ্ধনা জনোৱা হয়।

     কবিতা ঘৰৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁত ধৰা অনুষ্ঠানত কবিতা ঘৰৰ শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতত কবিতা ঘৰৰ ফালৰ পৰা এখন ফুলাম গামোচা আৰু ৰাজ্য চৰকাৰ ৰ দ্বাৰা প্ৰেৰন কৰা তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া ৰ দ্বাৰা স্বাক্ষৰিত ২০২৫-২৬বৰ্ষৰ শিল্পী পেঞ্চনৰ/বাৰ্ষিক শিল্পী সন্মান ৰ মানপত্ৰ প্ৰদান কৰি শুভেচ্ছা জনাই।