ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ত শুক্ৰবাৰে সমগ্ৰ শিক্ষা, অসম ৰ অন্তৰ্গত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ,ৰহাৰ উদ্যোগত এএচটিইচি ৰ সহযোগত তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,ৰহা স্থায়ী সভাপতি প্ৰভাত চন্দ্ৰ নাথৰ সভাপতিত্বত ,সমন্বয়ক নিবেদিতা শইকীয়াই আঁত ধৰা "understanding Climate Change and Climate Action"শীৰ্ষক ব্লোক পৰ্য্যায়ৰ বিজ্ঞান অনুসন্ধান প্ৰকল্প প্ৰতিযোগিতা ৰ উদ্বোধন কপিলী শিক্ষা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মৃন্ময় গোস্বামী উদ্বোধন কৰাৰ লগতে প্ৰতিযোগিতাত ৰহা কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত ২০খন বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী য়ে অংশ গ্ৰহণ কৰাৰ লগতে প্ৰতিযোগিতাৰক ৰুপে চন্দন কুমাৰ বৰা আৰু নিলোৎপল নাথ উপস্থিত থাকে।

   প্ৰতিযোগিতা উপলক্ষে ছাত্ৰ ছাত্ৰী সকলে গীত নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তুলে আৰু প্ৰতিযোগিতাৰ অন্তত জুনিয়ৰ শাখাত প্ৰথম স্থান প্ৰাপ্ত শ্ৰীমন্ত শংকৰদেৱ হাইস্কুল ৰ শিক্ষাৰ্থী জাহ্নবী দেৱী,গিৰিৰাজ নাথ,দ্বিতীয় স্থান প্ৰাপ্ত বামুনিজান হাইস্কুল ৰ লিখা দেৱী,ৰাজশ্ৰী ইন্তিয়াজ,৩য় স্থান প্ৰাপ্ত জাগীয়াল বালিকা হাইস্কুল ৰ যুতিকা ৰাজখোৱা,পৰিনিতা শইকিয়া আৰু চতুৰ্থ স্থান প্ৰাপ্ত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ৰ ছাত্ৰ ছাত্ৰী সুনয়না চৌহান,নিহাৰিকা বৰদলৈ তথা চিনিয়ৰ শাখাত প্ৰথম স্থান প্ৰাপ্ত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষাৰ্থী বিজয়ানন্দ নাথ,সিন্টুমনি পাতৰ ক এখন এখন মানপত্ৰ আৰু ট্ৰোফী প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

   লগতে ৰহা আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক নিবেদিতা শইকীয়াই জানিব দিয়ে যে ব্লোক পৰ্যায়ত বিজয়ী প্ৰতিযোগী জিলা পৰ্যায়ত অংশ গ্ৰহণ কৰিব আৰু জিলা পৰ্যায়ত বিজয়ী প্ৰতিযোগি ৰাজ্যিক পৰ্যায়ত অংশ গ্ৰহন কৰিব।

    এই উপলক্ষে ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ৰ প্ৰধান অধ্যক্ষা স্মৃতা দেৱী,শিক্ষক জিতুমনি বৰদলৈ সহ অংশ গ্ৰহণ কৰা ২০খন বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।