পতঞ্জলি ৰাজ্যিক প্ৰভাৰী  বিদ্যাধৰ কুম্ভকাৰজীৰ উপস্থিত নগাঁও জিলাৰ কলিয়াবৰ তহচিল পতঞ্জলি সমিতি গঠন কৰা হয়।

  নগাঁও জিলাৰ আমবাগান প্ৰাথমিক বিদ্যালয়ত যোৱা ১ফেব্ৰুৱাৰীত অনুষ্ঠিত পতঞ্জলি যোগ সমিতিৰ সাধাৰন সভাত বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে সৰ্বসম্মতিত দওৰাজ ৰয় ক তহচিল প্ৰভাৰী,উজ্বল বিশ্বকৰ্মাক সহ তহচিল প্ৰভাৰী,মনোৰঞ্জন চৰকাৰক সাধাৰন সম্পাদক, সুভজিত লাহিৰীক সহ সাধাৰণ সম্পাদক, শ্যামল চক্ৰবৰ্তী ক যুৱ প্ৰভাৰী,সোকন দাসক কিষান সেৱা সমিতি প্ৰভাৰী, পাৰ্থ দেৱনাথক কোষাধক্ষ্য,বীনা চক্ৰৱৰ্তী, চন্দনা মণ্ডল ক মহিলা সমিতি প্ৰভাৰী,জয়দেৱ মল্লিকক উপদেষ্টা আৰু জগদীশ দাস, পুষ্পা মণ্ডল, বকুলি ৰয়ক সাধাৰন সদস্য হিচাপে লৈ পতঞ্জলি ৰ কলিয়াবৰ তহচিল সমিতি গঠন কৰা হয়।

   সাধাৰণ সভাত নগাঁও জিলা ভাৰত স্বাভীমান ন্যাস প্ৰভাৰী সুনিল হাজৰিকা, সহ প্ৰভাৰী অৰুপ কুমাৰ বৈশ্য,কোষাধক্ষ্য ত্ৰৈলোক্য মোহন নাথ, নগাঁও জিলা পতঞ্জলি প্ৰভাৰী গৌতম দেৱনাথ সহ কলিয়াবৰ তহচিলৰ যোগ সাধক সাধিকা উপস্থিত থাকে।