আজি অসমৰ সাহিত্য, সংস্কৃতি জগতৰ  কাণ্ডাৰী,সুন্দৰৰ পূজাৰী,ৰূপান্তৰৰ খনিকৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰ ৭৫সংখ্যক পূন্য তিথি.সমস্ত ৰাজ্যৰ লগতে ৰহাতো অসম সাহিত্য সভাৰ ৰহা শাখাই জ্যোতি দিৱস ৰুপে পালন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে।

  এই উপলক্ষে বিয়লী ৩বজাত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয় ত ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰংৰ সভাপতিত্বত আৰু সম্পাদক লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা জ্যোতি দিৱসত ৰুপকোঁবৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰ প্ৰতিচ্ছবি ৰ সন্মুখত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ তথা ৰহা শাখা সাহিত্য সভাৰ উপদেষ্টা কমল চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন, ৰহা শাখা সাহিত্য সভাৰ উপদেষ্টা, সাংস্কৃতিক,নাট্য কৰ্মী মাধব চন্দ্ৰ নাথে মাল্যৰ্পন আৰু পুষ্পাঞ্জলী অৰ্পন কৰে ৰহা শাখা সাহিত্য সভাৰ কোষাধক্ষ্য ডম্বৰুধৰ শৰ্মাই আৰু ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি তথা ৰহা শাখা সাহিত্য সভাৰ উপ সভাপতি দীপক কুমাৰ শৰ্মা,উপদেষ্টা প্ৰফুল্ল কুমাৰ নাথ,সহকাৰী সম্পাদক সঞ্জয় কুমাৰ কাকতি,থানেশ্বৰ দেউৰী,ৰহা শাখা সাহিত্য সভা কুঁহী উপ সমিতিৰ সম্পাদক তথা সাংবাদিক চয়েল খেতান, অসম লাইভৰ সাংবাদিক সঞ্জীৱ দাস সহ উপস্থিত শাখা সাহিত্য সভাৰ সদস্য সকলে সুন্দৰৰ পূজাৰী ক শ্ৰদ্ধা স্মৰণ কৰে।লগতে অনুষ্ঠানত ভূবন চন্দ্ৰ দাসৰ গ্ৰন্থ অসম চৰাকাৰৰপুথিভঁৰাল চাৰ্বিচে লোবাত ৰহা শাখা সাহিত্য সভাই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।