সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদে আজি ৰহা সমজিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰন কৰি অ পি এচ প্ৰবৰ্তনৰ দাবী জনাই।
ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ৰ মুখ্য উপদেষ্টা ভূপেন্দ্ৰ কুমাৰ দাস, সভাপতি হেমকান্ত শইকীয়া আৰু সম্পাদক লক্ষী প্ৰসাদ ডেকা ৰ দ্বাৰা হস্তাক্ষৰীত মুখ্যমন্তীলৈ প্ৰেৰন কৰা স্মাৰক পত্ৰত কৰ্মচাৰী সকলৰ ভবিষ্যতে সু নিশ্চিত কৰাৰ বাবে এন পি এচ আৰু ইউ পি এচ ব্যবস্থা প্ৰত্যাহাৰ কৰি পুৰনি পেঞ্চন ব্যবস্থা (অ পি এচ)পুনৰ প্ৰবৰ্তন কৰাৰ দাবী জনাই।
লগতে স্মাৰক পত্ৰ ৰ প্ৰতিলিপি সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু নগাঁও জিলা কৰ্মচাৰী পৰিষদলৈ প্ৰেৰন কৰা হৈছে।
স্মাৰক পত্ৰ প্ৰদান ত ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বিষয় ববীয়া উপস্থিত থাকে।