চাপৰমুখ আটিগাঁও নিবাসী দীপমনি দাস আৰু জানকী ভূঞা দাসৰ সু সন্তান, কাৰাটে খেলবৈ সুমিত দাসে যোৱা ১আৰু ২ডিচেম্বৰত নতুন দিল্লী কটাৰকটা ইন্ডোৰ স্টেডিয়াম ত কাৰাটে ইন্ডিয়া অৰ্গেনাইজেচন ৰ উদ্যোগত অনুষ্ঠিত হোবা ৪ৰ্থ All India Interjunel karate championshipৰ কুমিটে জুনিয়ৰৰ -৬৮কেজি ইভেন্টত ৰুপৰ পদক লৈ সমস্ত ৰহা,চাপৰমুখ সহ পৰিয়াললৈ গৌৰৱ কঢিয়াই আনিলে।

      সুমিত দাসৰ এই কৃতিত্ব ৰ খবৰ পাই চাপৰমুখ আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক বিৰিঞ্চি বৰুৱা আৰু প্ৰচাৰ সম্পাদক বিনয় কৃষ্ণ দাস সহ এক প্ৰতিনিধি দল সহ জ্যেষ্ঠ সাংবাদিক দীপক কুমাৰ শৰ্মা, সাংবাদিক চয়েল খেতান, উদিয়মান কবি ৰাজেশ কুমাৰ নন্দী সুমিতৰ বাসগৃহ ত উপস্থিত হৈ শুভেচ্ছা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে।

   সুমিতে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় পৰ্যায়ত সোন আৰু ৰুপৰ পদক পাবলৈ সক্ষম হৈছে।