শিৱসাগৰ--শিৱসাগৰ জিলা আয়ুক্ত ভৱনৰ চ্যুকাফা সভাকক্ষত ২৮ নৱেম্বৰ, শুক্ৰবাৰে জিলা আয়ুক্ত আয়ুস গাৰ্গ(ভাৰতীয় প্ৰশাসনিক সেৱা)ৰ সভাপতিত্বত শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ এক জিলা ভিত্তিক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে(অসম অসামৰিক সেৱা)য়ে সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনোৱাৰ পাছতেই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই সভাৰ মুল উদ্দ্যেশ্য ব্যাখ্যা কৰে । উল্লেখযোগ্য যে, শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ পৰ্যালোচনা সভাখনত স্বাস্থ্য বিভাগৰ প্ৰতিটো সূচাংকৰ লগতে জিলাখনৰ মাতৃ আৰু শিশু মৃত্যুৰ মুখ্য কাৰণ পৰ্যালোচনা কৰি কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই পৰ্যালোচনা সভাত শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ প্ৰতিটো আমব্ৰেলা প্ৰগ্ৰেমৰ ন'ডেল বিষয়া, প্ৰসূতি আৰু শিশু মৃত্যু পৰ্য্যালোচনাৰ ন'ডেল বিষয়া, জিলা প্ৰতিষেধক বিষয়া, জিলা যক্ষ্মা বিষয়া, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াৰ লগতে ডি পি এম ইউ আৰু বি পি এম ইউৰ সদস্যসকল উপস্থিত থাকে বুলি জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে ৷