বৰহাটৰ নগাহাটত শিক্ষকৰ প্ৰহাৰত গুৰুত্ব ভাবে আহত ছাত্ৰ।এজাহাৰ দাখিলৰ পাছতো শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত আছাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন।

সদৌ অসম আদিবাসী ছাত্র সন্থা,আছা,চৰাইদেউ জিলা সমিতিৰ দুয়োটা গোটৰ উদ্যোগত তথা বৰহাট-সাপেখাতী আঞ্চলিক সমিতিৰ সহযোগত আজি নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।উল্লেখ্য যে পৰিয়ালৰ সুত্ৰে জানিব পৰা মতে বিগত দুই আগষ্ট দিনা নগাহাট হাই স্কুলৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা কলাকটা গাঁৱৰ নিবাসী কাৰ্তিক মাৰ্ডি ,ৰহিলা মাৰ্ডিৰ পুত্ৰ আবেদ মাৰ্ডিক বিদ্যালয়ৰ সন্মুখত শ্ৰেণীৰ ৰোল নম্বৰ অনুসৰি দুটা শাৰী পাতিবলৈ কৈছিল যদিও আবেদ মাৰ্ডিয়ে ভুলক্ৰমে বেলেগ শাৰীত থিয় হোৱাত সামাণ্য ভুলতে হাতেৰে ডিঙিৰ ওচৰত প্ৰহাৰ কৰে।আনহাতে বিদ্যালয় ছুটীত ছাত্র জনে ঘৰলৈ আহি থকা অৱস্থাত মাটিত পৰি মুৰ্চ্ছা গৈছিল।এই সন্দৰ্ভত পৰিয়ালে চৰাইপুং আৰক্ষী থানাত এজাহাৰ দিছিল যদিও শিক্ষক জনৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংগঠনটোয়ে প্ৰতিবাদ সাব্যস্ত কৰে।অৱস্থান ধৰ্মঘটত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ,চৰাইদেউ জিলা সমিতিৰ সম্পাদক ইমিল ধানুৱাৰ,আছাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি চাৰ্বিয় তীৰ্কি,বৰহাট আঞ্চলিক সমিতিৰ সভাপতি বিনোদ খেছ,সাপেখাতী আঞ্চলিক সমিতিৰ মাৰ্কিন কুজুৰ উপস্থিত থাকে।