ৰহা নিবাসী ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, স্বপ্নদ্ৰষ্টা হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাসে বৰ্ষ ২০২৩ৰ পৰা বিভিন্ন ক্ষেত্ৰত অবদান দি অহা বিশিষ্ট ব্যক্তিলৈ হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাস বঁটা প্ৰদান কৰি অহাৰ সমান্তৰালকৈ এইবৰ্ষ ২০২৫বৰ্ষৰ হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাস বঁটা ৰ বাবে জ্যেষ্ঠ সাংবাদিক দীপক কুমাৰ শৰ্মা ক বাচনি কৰি ঘোষণা কৰে।
হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাসে শিক্ষাবিদ হিৰন্য নাৰায়ন বৰাৰ আদৰ্শ আৰু স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্য বৰ্ষ ২০২৩ত সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰ সহযোগী কমল কটকীক আৰু বৰ্ষ ২০২৪ত জ্যেষ্ঠ চিকিৎসক ড° শশাংক কুমাৰ বৰুৱাক হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাস বঁটা প্ৰদান কৰিছিল আৰু এইবৰ্ষ ন্যাসে এই বঁটা ৰ বাবে চাপৰমুখ নিবাসী জ্যেষ্ঠ সাংবাদিক তথা ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মাক হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাস বঁটা প্ৰদান কৰিব।
হিৰন্য নাৰায়ন বৰা স্মাৰক ন্যাস ৰ মুখ্য ন্যাস ৰক্ষী ৰুপেন্দ্ৰ নাৰায়ন বৰা আৰু কাৰ্য্যবাহী ন্যাস ৰক্ষী ড° পল্লবী বৰাই এই বঁটাৰ ঘোষনা কৰি জানিব দিয়ে যে ২৬অক্টোবৰত ৰহাত দীপক কুমাৰ শৰ্মালৈ হিৰন্য নাৰায়ন বৰা স্মাৰক বঁটা প্ৰদান কৰিব।
 
  
  
  
   
  