ৰহাত তিৱা সাংস্কৃতিক সমাজৰ ৩৬ তম্ প্ৰতিষ্ঠা দিৱস এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰাৰ লগতে তিৱা ভাষাত মুকলি হল হিয়াৰআমঠু জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনী(মায়ালি)।
ৰহা তিৱা ছাত্ৰ সন্থা ৰ কাৰ্য্যালয়ত আজি অনুষ্ঠিত হোবা তিৱা সাংস্কৃতিক সমাজৰ ৩৬তম্ প্ৰতিষ্ঠা দিৱস ৰ সমাজৰ উপ সভাপতি Niripen মছৰং য়ে পতাকা উওোলন আৰু বকিন্দ্ৰ মছৰং য়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে উপস্থিত সকলোৱে তিৱা জাতীয় সংগীত পৰিবেশন কৰে।লগতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰ সন্মুখত টোপাকুছি ৰাজ্যৰ ৰজা সুচিল দেওৰজাই বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে সকলোবে প্ৰানৰ শিল্পীক পুষ্পাঞ্জলী অৰ্পন কৰি স্মৰণ কৰে আৰু বাদল মুনিৰ দ্বাৰা অনুবাদ তথা যুচিকা মুনি আৰু সুন্টী বৰদলৈৰ দ্বাৰা কন্ঠদান কৰা জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনী তিৱা ভাষাত মুকলি কৰি সকলোবে মায়াবিনী (মায়লি)গীত পৰিবেশন কৰে।
তাৰ পাছত সাংস্কৃতিক সমাজৰ উপ সভাপতি Niripen মছৰংৰ সভাপতিত্ব ত আৰু সম্পাদক ৰাজেন গাঁওখোবাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সভাত বিভিন্ন বিষত আলোচনা কৰাৰ লগতে সভাত সদৌ তিৱা ছাত্ৰ সন্থা ৰ উপদেষ্টা ৰিমল আমচি,প্ৰহ্লাদ কুমাৰ মছৰং,সভাপতি প্ৰশান্ত মছৰং,তিৱা স্বায়ত্ব পৰিষদ ৰ কাৰ্যবাহী সদস্য প্ৰনব জ্যোতি মছৰং ৰহা আঞ্চলিক শিল্পী কাননৰ সম্পাদক ভাস্কৰ জ্যোতি পাতৰ সহ হোজাই,ধেমাজী,কাৰ্বিআংলং,নগাঁও ৰ পৰা অহা তিৱা সাংস্কৃতিক সমাজ,তিৱা ছাত্ৰ সন্থা,ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থা ৰ প্ৰতিনিধি আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।
 
  
  
  
   
  