শিৱসাগৰঃ "সুস্থ নাৰী, সুস্থ পৰিয়াল" ৷ অসম চৰকাৰৰ চলিত 'সেৱা সপ্তাহ'ৰ অংশ হিচাপে অসমৰ মুঠ ৫ খন জিলা শিৱসাগৰ, কামৰূপ (মেট্ৰ'), কাছাৰ, ধুবুৰী আৰু গোৱালপাৰাত পৌৰসভাৰ অধীনৰ মহিলা কৰ্মচাৰীৰ লগতে সকলো ছাফাই কৰ্মচাৰীসকলৰ বাবে এক বিশেষ স্বাস্থ্য পৰীক্ষা শিৱিৰ আয়োজন কৰা হয়। উল্লেখ যে, শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত ৰাষ্ট্ৰৰ প্ৰতিগৰাকী নাৰীৰ সুস্বাস্থ্যৰ বাবে দেশজুৰি চিকিৎসা সেৱা আৰু স্বাস্থ্য শিৱিৰৰ লক্ষ্যৰে যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা অব্যাহত থকা আৰু অহা ২ অক্টোবৰ ২০২৫ লৈকে অনুষ্ঠিত হ'বলগীয়া "সুস্থ নাৰী সুস্থ পৰিয়াল" অভিযানৰ অংশ হিচাপে জিলাখনৰ প্ৰতিটো স্বাস্থ্য প্ৰতিষ্ঠানত স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰি অহা হৈছে আৰু এই শিবিৰ অহা ২ অক্টোবৰলৈকে অব্যাহত থাকিব। এই স্বাস্থ্য শিৱিৰত মহকুমা স্বাস্থ্য বিষয়া (স্কুল হেলথ)ডাঃ সালমা চুলতানা,ডাঃ অৰণ্যম বৰপূজাৰী, ডাঃ মুনিন্দ্ৰ ভূঞা, ডাঃ মানস প্ৰতীম নাথকে ধৰি ভ্ৰাম্যমাণ চিকিৎসাসেৱা গোট(MMU) ৰ সদস্যসকল আৰু উদ্নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ জি এন এম সকল, মহিলা স্বাস্থ্য পৰিদৰ্শিকা (Lady Health Supervisor) অঞ্জলি ফুকন, প্ৰয়োগশালা প্ৰযুক্তিবিদ (Laboratory Technician) অভিজিৎ ফুকন, সহকাৰী খণ্ড আঁচনি ব্যৱস্থাপক (ABPM), সাফিউল কৰিম আদি উপস্থিত থাকে ৷ শিৱিৰত দুশৰো অধিক গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয় বুলি জিলা গণমাধ্যম বিশেষজ্ঞ তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্রী ফুকনে জানিবলৈ দিছে ।