ৰহা সমীপবৰ্তী তথা ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰ অন্তৰ্গত চিত্ৰকলা কানন,ৰহাৰ সহ শিক্ষয়ত্ৰী উদিষ্ণা ডেকাই ৫খন তুলিকাৰে একে সময়ত একেলগে হাৰ্টথ্ৰুব জুবিন গাৰ্গ ৮খন ছবি অংকন কৰি জনালে শ্ৰদ্ধাঞ্জলি।
লগতে উদিষ্ণা ডেকাই জানিব দিয়ে যে পুৰ্বেও সুধাকন্ঠ ড° ভূপেন হাজৰিকা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰ চিত্ৰ অংকন কৰিছে আৰু বৰ্ষ ২০২৪ত বাৰপুজীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ বিশেষ অধিবেশনত জুবিন গাৰ্গ ৰ ছবি অংকন কৰি অধিবেশন মঞ্চত লুইত কন্ঠ জুবিন গাৰ্গ ক প্ৰদান কৰিছিল।
উদিষ্ণাৰ দ্বাৰা চিত্ৰ অংকন কৰা সময়ত উপস্থিত থাকে অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক,শিশুপ্ৰিয়,চিত্ৰশিল্পী,প্ৰকৃতি প্ৰেমী অবনী কুমাৰ শইকীয়া আৰু প্ৰধান সম্পাদক ৰন্টু মুদৈ ।