অসম সন্তান,সংগীত সম্ৰাট,হিয়াৰআমঠু,হাৰ্টথ্ৰুব জুবিন গাৰ্গৰ মৃত্যু ত সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা স্তব্ধ হৈ থকাৰ লগতে ৰহা,চাপৰমুখ ৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান,প্ৰতিষ্ঠান, ৰাইজে হিয়াৰ আমঠু প্ৰিয় জুবিন গাৰ্গ ক শ্ৰদ্ধাঞ্জলি জনাই জুবিন দা অমৰ হক,জয় জুবিন গাৰ্গ আৰু জুবিনৰ গীতেৰে সমস্ত ক্ষেত্ৰ মুখৰিত কৰাৰ সমান্তৰালকৈ আজি বিয়লী ৰহাৰ কেইজনমান জুবিন অনুৰাগী যুবক যুৱতী সকলে একত্ৰিত হৈ ৰহা পুৰনাচাৰিআলী ৰপৰা ৰহা শংকৰ মন্দিৰলৈ সমদল উলিওৱা ৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা ৰ লগতে ৰহাৰ বিভিন্ন প্ৰান্তত ৫২টা নাহৰ গছৰ পুলি ৰোপন কপাৰ লগতে জুবিন গাৰ্গ ৰ জনপ্ৰিয় ৫২টা গীত লিখিত পোষ্টাৰ প্ৰত্যেক গছপুলিত লগাই শ্ৰদ্ধাঞ্জলি জনাই।
ৰহাত হাৰ্টথ্ৰুব জুবিন গাৰ্গ অনুৰাগী যুবক যুৱতী সকলে ৫২স্থানত ৫২নাহৰ পুলি ৰোপন আৰু জুবিন গাৰ্গ ৰ জনপ্ৰিয় ৫২টা গীত লিখিত পোষ্টাৰ লগাই জনাই শ্ৰদ্ধাঞ্জলি।
