শিৱসাগৰঃ---ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ দ্বাৰা আয়োজিত 'সেৱা সপ্তাহ'ৰ অন্তৰ্গত ভাৰতৰ শক্তিশালী প্রধানমন্ত্রী নৰেন্দ্ৰ দামোদৰ দাস মোদীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ১৭ ছেপ্তেম্বৰ, বুধবাৰে 'সুস্থ নাৰী সুস্থ পৰিয়াল' অভিযানৰ শুভ উদ্বোধন কৰে। এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠান মধ্যপ্ৰদেশৰ পৰা ডিজিটেল মাধ্যমেৰে শিৱসাগৰ উদ নগৰীয়া আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত হয় । দেশ আৰু ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত উদ নগৰীয়া আদর্শ চিকিৎসালয়ত আয়োজিত স্বেচ্ছামূলক ৰক্তদান শিৱিৰৰ শুভ উদ্বোধন কৰি জিলা আয়ুক্ত আয়ুস গাৰ্গ এ নিজেও ৰক্তদান কৰি নিদৰ্শন দাঙি ধৰে ৷ উল্লেখ যে, ৰক্তদান কৰি আয়ুক্তগৰাকীয়ে দুয়োটা অনুষ্ঠানতে অংশগ্ৰহণ কৰি ৰাইজৰ বিপুল সঁহাৰিৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। জিলা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ প্ৰথম দিনাখন শিৱসাগৰৰ জিলা আয়ুক্ত আয়ুস গাৰ্গ (আইএএছ) উপস্থিত থাকি সকলোকে উৎসাহিত কৰাত বিভাগীয় বিষয়াসকল উৎফুল্লিত হৈ পৰে ৷ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনৰ ব্যৱস্থাপনাৰে অলংকৃত হোৱা উক্ত অনুষ্ঠানত শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত সমীৰণ বৰা, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য মীনাক্ষী পাৰ্মে, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতা, ৰক্ত ভড়াঁলৰ নডেল বিষয়া ডাঃ আমিনুৰ ৰহমান, অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয় প্ৰকাশ মেধি আৰু মইদুল ইছলাম, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চৈয়দ নেকিব বৰুৱা, সহকাৰী আয়ুক্তদ্বয় কে এন চন্দনা জাহ্নৱী আৰু গণেশ চন্দ্র বড়ো, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সাধন বৰা, জিলা প্ৰকল্প গোটৰ সদস্যসকল, মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, উদ নগৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক তথা বিষয়া-কৰ্মচাৰী, আশাকর্মী , জিলা প্ৰশাসনৰ কৰ্মচাৰী, আৰক্ষী বিভাগ আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷