শিৱসাগৰঃ শিৱসাগৰ শিৱসাগৰ জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ প্ৰাকক্ষণত দুই শতাধিক আবৃত্তিকাৰে ড° অমৰজ্যোতি চৌধুৰী ৰচিত 'মৃত্যু জিনাৰ গান' পৰিৱেশন কৰে৷ এক উদুলিমুদুলি পৰিৱেশত পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ড° জীৱন কলিতায়ে ৷ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জয় দাসে৷ চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে শুভাৰম্ভ কৰা মুকলি সভাত আবৃত্তি পৰিষদৰ উপদেষ্টা যোগ গগৈ, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পংকজজ্যোতি হাজৰিকা, জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈ, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ভাষা-ব্যাকৰণ পৰামৰ্শদাতা কমলাকান্ত বৰা, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সন্তোষ দত্ত, শিৱসাগৰ যুৱদলৰ সম্পাদক অৰ্ণৱ ৰঞ্জন চাংমাই, কবি পুঞ্জন বৰুৱা, দেৱজ্যোতি গগৈ, মূল বক্তা পল্লৱী ফুকন আৰু ডিম্বকান্ত মিলি, ড° সীমান্ত বৰুৱা, মাধৱজ্যোতি দেউৰী, দিলীপ শইকীয়া আদিৰ উপস্থিতিত শিল্পীসকলে 'অসম আমাৰ ৰূপহী' গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷ সংবাদকৰ্মী বিপিন হাজৰিকাৰ স্বৰচিত কবিতা পাঠ, অৰ্চনা দাসৰ গীতৰ পিছত 'ব’হাগেই বতৰ কিজানি আৰু মোৰ চিন্তা' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে ড° পংকজজ্যোতি হাজৰিকা এ ৷ মুখ্য প্ৰশিক্ষক ইলী শইকীয়া, ইলামণি বুঢ়াগোহাঁই, বনশ্ৰী নেওগ, আছাবুদ্দিন বৰবৰা, ৰন্টু ৰঞ্জন কলিতা, বিজুমণি মহন্ত, নুপূৰ শইকীয়া আদিৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ শিৱসাগৰ জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সম্পাদক চাদিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনি পৰিষদৰ উপ-সভাপতি সঞ্জীৱ বাইলুঙে আঁত ধৰে৷ ইয়াৰ পিছত প্ৰায় দুই শতাধিক আবৃত্তিকাৰে মৃত্যু জিনাৰ গান আবৃত্তি কৰে৷ ড° জীৱন কলিতাই সভাপতিত্ব কৰা সভাখন অসম সংগীতেৰে সামৰণি পৰে ৷