বৰ্ষ ১৯৬৪ত স্থাপিত ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয় ৰ হীৰক জয়ন্তী উৎসৱ উদযাপন ৰ বাবে আজি ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু জয়ন্তী সূচাৰু পৰিচালনাৰ বাবে এক শক্তিশালী হীৰক জয়ন্তী উৎসৱ উদযাপন সমিতি আৰু ৯খন উপ সমিতি গঠন কৰা হয়।
ৰহা মহাবিদ্যালয় স্থিত জোঙালবলহু প্ৰেক্ষাগৃহ ত আজি দিনৰ ১১বজাৰ পৰা প্ৰাক্তন অধ্যক্ষ গুনহাস বৰাৰ সভাপতিত্বত আৰু ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা ৰাজহুৱা সভাত আগন্তুক অনুষ্ঠিত হব লগা হীৰক জয়ন্তী উৎসৱ উদযাপন ৰ বিষয়ে বিস্তৃত আলোচনা কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক আৰু সৰ্বসম্মতিত ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক সভাপতি, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু দাসক কাৰ্য্যকৰী সভাপতি আৰু ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাক সাধাৰন সম্পাদক হিচাপে লৈ এখন শক্তিশালী হীৰক জয়ন্তী উৎসৱ উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ ৯খন উপ সমিতি গঠন কৰা হৈছে।
লগতে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই জানিব দিয়ে যে হীৰক জয়ন্তী উৎসৱ ৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হোবাৰ লগতে প্ৰবক্তা বলোৰাম নাথ আৰু মঞ্জুশ্ৰী বৰাৰ সম্পাদনাত ৯আগষ্টত INDIA 2050নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হৈছে আৰু আগন্তুক দিনত আৰু গ্ৰন্থ উন্মোচন কৰা হব।
লগতে হীৰক জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সাধাৰন সম্পাদক ড° বেদ কুমাৰ চলিহাই জানিব দিয়ে যে চলিত ২০২৫ৰ ভিতৰতে হীৰক জয়ন্তী উৎসৱ উদযাপন কৰা হব।
ৰাজহুৱা সভাত ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস, ৰহা মহাবিদ্যালয় ৰ উপাধক্ষ্য মৃদুল কুমাৰ শৰ্মা সহ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন ৰ বিষয় ববীয়া ,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যাপক অধ্যাপিকা,প্ৰাক্তন ছাত্ৰ ছাত্ৰী সহ গনমান্য ব্যক্তি উপস্থিত থাকে।
হীৰক জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সাধাৰন সম্পাদক ড° বেদ কুমাৰ চলিহাই সকলোৰে সহায় সহযোগিতা ৰ কামনা কৰিছে।