শিৱসাগৰঃ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় চৌহদৰ চুকাফা সভাকক্ষত ৫ ছেপ্তেম্বৰ, শুক্ৰবাৰে জিলা আয়ুক্ত আয়ুস গাৰ্গ (আই.এ.এচ.)ৰ সভাপতিত্বত শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ জিলা ভিত্তিক পৰ্যালোচনা সভা এখন অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে(এ.চি.এছ.)এ সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনায়৷ আনহাতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই সভাৰ মুল উদ্দেশ্য ব্যাখ্যা কৰে । উল্লেখ যে, শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ পৰ্যালোচনা সভাখনত স্বাস্থ্য বিভাগৰ প্ৰতিটো সূচাংকৰ লগতে জিলাৰ মাতৃ আৰু শিশু মৃত্যুৰ মুখ্য কাৰণ পৰ্যালোচনা কৰাৰ লগতে জিলাখনত কৈশোৰী গৰ্ভাৱস্থা(Teen age pregnancy)আৰু বিপদ সংকুল গৰ্ভাৱস্থা(High Risk Pregnant Women)ৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰো হয় ৷ এই পৰ্যালোচনা সভাত শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত কে.এন.চন্দনা জাহ্নৱী (আই.এ.এছ), স্বাস্থ্য বিভাগৰ শাখা বিষয়া তথা সহকাৰী আয়ুক্ত পৰিস্মিতা দিহিঙ্গীয়া(এ. চি. এছ.) কে ধৰি মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া, প্ৰতিটো আমব্ৰেলা প্ৰগ্ৰেমৰ ন'ডেল বিষয়া, জিলা যক্ষ্মা বিষয়া, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকন, আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াৰ লগতে ডি.পি.এম.ইউ. আৰু বি.পি.এম.ইউৰ সদস্যসকল উপস্থিত থাকে।৷