বৰ্ষ ১৯৯৪চনৰ ১জানুবাৰীত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি, ৰহাই শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে বিভিন্ন পদক্ষেপ লৈ অহাৰ সমান্তৰালকৈ অহা ৭চেপ্তেম্বৰত কবিতা ঘৰৰ চোতালত অনুষ্ঠিত হব কবিতা আবৃতিৰ মহা গুঞ্জন শীৰ্ষক অনুষ্ঠান।
অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক,শিশুপ্ৰিয়,কবি.লেখক অবনি কুমাৰ শইকীয়া আৰু প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে জানিব দিয়ে যে অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ উদ্যোগত যোৰা দুই মাহ ধৰি কেন্দ্ৰীয় আৰু শাখা সমিতিৰ শিশু সকলৰ মাজত কবিতা আবৃতিৰ প্ৰশিক্ষণ দি থকা হৈছিল।
প্ৰশিক্ষণ ৰ অন্তত অহা ৭চেপ্তেম্বৰত অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ বাকৰিত দিনৰ ২.৩০মিনিটৰ পৰা কেন্দ্ৰীয় আৰু শাখা সমিতিৰ কন কন শিশু সকলৰ মাজত অনুষ্ঠিত হব কবিতা আবৃতীৰ একক আৰু সমবেত কবিতা আবৃতিৰ মহা গুঞ্জন শীৰ্ষক অনুষ্ঠান।
অনুষ্ঠানত অকণি সকলে অতি কমেও ৫টাকৈ কবিতা আবৃতি কৰিব লাগিব।
কবিতা আবৃতী গুঞ্জন শীৰ্ষক অনুষ্ঠান ক আৰু খ দুটা শাখাত অনুষ্ঠিত হব।
লগতে ক আৰু খ শাখাত প্ৰথম,দ্বিতীয় আৰু ৩য় স্থান প্ৰাপ্ত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হব।