ৰহা কনথলি পঞ্চায়তৰ অন্তৰ্গত ৰহা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয় ত আজি বিদ্যালয় প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ ডেকাৰ সভাপতিত্বত আৰু শিক্ষক লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা বহী বিতৰন অনুষ্ঠানত ৰহা শাখা North East Small Finance Bank ৰ প্ৰবন্ধক চয়নিকা শইকীয়া আৰু কেছিয়াৰ হৰেশ্বৰী বড়োয়ে উপস্থিত হৈ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰী ৰ মাজত বহী বিতৰন কৰে।
বেঙ্ক কৰ্তৃপক্ষৰ এই পদক্ষেপ ৰ বিদ্যালয় ৰ শিক্ষক গোট,অবিভাবকে প্ৰশংসা কৰে।
অনুষ্ঠানত অতিথি ৰূপে মৃদুল কুমাৰ ভড়ালী,মৃদুল বৰা,নিৰুপমা বৰদলৈ,মৌচুমী শৰ্মা,বিষ্ণু জ্যোতি শইকীয়া সহ বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।