সমাজত শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পুজা, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো আগন্তুক শাৰদীয় দুৰ্গা পুজা ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ আজি বিয়লী ৰহা সাৰ্বজনীন দূৰ্গা মন্দিৰ প্ৰাংগনত ১১৪সংখ্যক সাৰ্বজনীন দূৰ্গা পুজা সমিতিৰ এখন সভা অনুষ্ঠিত হৈ যায়।
সমিতিৰ উপদেষ্টা ঘন ডেকাৰ সভাপতিত্বত আৰু কোষাধক্ষ্য কমল চন্দ্ৰ শৰ্মাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাত আগন্তুক শাৰদীয় দুৰ্গা পুজা উদযাপন ক লৈ আলোচনা কৰাৰ লগতে সৰ্বস্মতিত অচ্যুত নাৰায়ন মেধিক সভাপতি, প্ৰবিন ভূঞাক কাৰ্য্যকৰী সভাপতি, ধিৰেন শৰ্মাক সম্পাদক, কমল চন্দ্ৰ শৰ্মাক কোষাধক্ষ্য,দিলীপ শৰ্মা আৰু চন্দন বৰুৱা ক যুটীয়া সম্পাদক হিচাপে লৈ ১০০জনীয়া শক্তিশালী ৰহা সাৰ্বজনীন দূৰ্গা পুজা সমিতি গঠন কৰা হয়।লগতে সভাত সদ্য প্ৰয়াত সমিতিৰ সক্ৰিয় সদস্য ড° গজেন্দ্ৰ মোহন দেৱশৰ্মাৰ বিদহী আত্মা চিৰ শান্তি বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে শোক প্ৰস্তাৱ লয়।
কোষাধক্ষ্য কমল চন্দ্ৰ শৰ্মাই জানিব দিয়ে যে এই বাৰ দুৰ্গা পুজা ৰ মুখ্য আকৰ্ষণ হব চৈতন্য (জীৱিত)প্ৰতিমা আৰু সপ্তমী,অষ্টমী আৰু নৱমী ৰ দিনা আমন্ত্ৰিত নাম পাৰ্টিৰ দ্বাৰা নাম কীৰ্তন পৰিবেশন কৰা হব।সভাত সমিতিৰ সদস্য সকল উপস্থিত থাকে।
সমিতিয়ে সমূহ ভক্তপ্ৰান ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰিছে।