*ঢকুৱাখনা সম-জিলাতো বিজেপিৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা পালন*
ঢকুৱাখনাৰ পৰা ঘনকান্ত দলেৰ প্ৰতিবেদন:- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঢকুৱাখনা সম-জিলাতো জিলা বিজেপিৰ উদ্যোগত তিনিওখন মণ্ডল ক্ৰমে পশ্চিম ঢকুৱাখনা মণ্ডল, ঢকুৱাখনা মণ্ডল আৰু ঘিলামৰা মণ্ডল সমিতিৰ সহযোগত ঢকুৱাখনা সম-জিলাৰ তিনিখন স্থানত আজি হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ৰাজপথেৰে বাহিৰ কৰা হ’ল বিশাল সমদল।
প্ৰথমে পশ্চিম ঢকুৱাখনা মণ্ডল বিজেপিৰ উদ্যোগত সোণাৰি চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা চাৰিআলিলৈ দ্বিতীয়তে ঢকুৱাখনা মণ্ডল বিজেপিৰ উদ্যোগত গনেশ গগৈ প্ৰেক্ষাগৃহৰ পৰা নগৰৰ মাজত আৰু ঘিলামৰা মণ্ডল বিজেপিৰ বিজেপিৰ উদ্যোগত ঘিলামৰা তিনিআলিলৈ৷ পদযাত্ৰা ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁৱৰ, সম্পাদক লক্ষীনন্দন শইকীয়া, নিৰঞ্জন চিৰিঙীয়া, নিলোৎপল গোস্বামীকে প্ৰমুখ্যে কৰি তিনিওখন মণ্ডলৰ সভাপতি মিগম পেগু, বিষ্ণু দত্ত, শোভন দত্ত সাধাৰণ সম্পাদক ধনজিৎ দুৱৰা,শিৱচৰণ কোঁছ,মোহন দলেৰ লগতে ৰাজ্যিক,জিলা,মণ্ডল,বিভিন্ন মৰ্চা,পঞ্চায়তৰ প্ৰভাৰী,শক্তিকেন্দ্ৰ আহ্বায়ক,পঞ্চায়তৰ প্ৰতিনিধি, বুথ সমিতিকে আদি কৰি শ শ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ এই পদযাত্ৰা জিলা সভাপতি স্বৰূপ কোঁৱৰে কয স্বাধীনতাৰ এই গৌৰৱোজ্বল ৭৯ বছৰীয়া জয়ন্তীত সকলোকে ওলাই অহাৰ লগতে প্ৰতিটো পৰিয়ালক সন্ধিয়া এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাই৷