সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত নগাঁও জিলা ৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোবা Teaching at right level প্ৰশিক্ষণ সমান্তৰালকৈ ৰহা কপিলী শিক্ষা খণ্ড ৰ উদ্যোগতো আজি ৰহাতো আৰম্ভ হৈ TaRL প্ৰশিক্ষণ।
ৰহা মজলীয়া বিদ্যালয় ৰ ২ টা শ্ৰেনী কোঠা আৰু ৰহা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ ১টা কোঠাত পূবা ১০বজাৰ পৰা আৰম্ভ হোবা Teaching at right level প্ৰশিক্ষনৰ ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা নিলাক্ষী কাকতিয়ে উদ্বোধন কৰাৰ লগতে কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় ৰ শ্ৰেনী ৩য় ৰ পৰা ৫ম শ্ৰেনীৰ পাঠদান কৰা শিক্ষক শিক্ষয়ত্ৰী সকলে অংশ গ্ৰহন কৰে।
প্ৰশিক্ষণ ত Monitoring ৰুপে SI নুবুল ইছলাম,BRP আয়ুব আলী, বিজয়ানন্দ লস্কৰ উপস্থিত থকাৰ লগতে CRCC ৰুবুল কুমাৰ দাস, নৱজীত হাজৰিকা,বিনয় কুমাৰ ল'ৰ,চন্দন শৰ্মা,অমৃত প্ৰবৰ শৰ্মা,প্ৰবিন কুমাৰ দাস, নৱজ্যোতি বৰদলৈ,মুকুন্দ দাস,জিতুমনী বৰদলৈ,গ্যানবিকাশ বৰা,আতিকুৰ ৰহমান,হিৰেন ডেকা উপস্থিত থাকি শিক্ষক শিক্ষয়ত্ৰী সকলক প্ৰশিক্ষণ দিয়ে।
CRCC ৰুবুল কুমাৰ দাসে জানিব দিয়ে যে আজিৰ পৰা ৪দিনীয়া প্ৰশিক্ষণ ৰ পাছত দ্বিতীয় পৰ্যায়ৰ ৪দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হব।