ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয় ৰহা এ জে পাব্লিক স্কুলৰ সৌজন্যত যোৱা ২১জুলাইৰ পৰা ২৮জুলাই লৈকে চলা গ্ৰীষ্মকালীন ফুটবল, নৃত্য, ঢোল বাদন ৰ ৭দিনীয়া প্ৰশিক্ষণ শিৱিৰৰ সফল সামৰণি হয়।

      এই উপলক্ষে আজি এ জে পাব্লিক স্কুলৰ প্ৰাংগনত প্ৰশিক্ষণ শিৱিৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

     এ জে পাব্লিক স্কুল পৰিচালনা সমিতিৰ স্থায়ী সভাপতি ড° বিশ্বজিত ভূঞাৰ সভাপতিত্বত আৰু শিক্ষয়ত্ৰী বিয়ুটি দাসৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সামৰণি অনুষ্ঠান ৰ ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছত প্ৰশিক্ষণ লোবা ছাত্ৰ ছাত্ৰী সকলে বিহু, সত্ৰিয়া নৃত্য আৰু ঢোল বাদন পৰিবেশন কৰি সকলোকে আপ্লুত কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে আৰু প্ৰশিক্ষণ লোবা ৬০ গৰাকী ছাত্ৰ ছাত্ৰী ক মানপত্ৰ প্ৰদান কৰা হয়।

  এ জে পাব্লিক স্কুলৰ প্ৰধান শিক্ষক প্ৰাঞ্জিত বৰাৰ দ্বাৰা শলাগৰ শৰাইৰে সমাপন হোবা   অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ,প্ৰাক্তন প্ৰধান শিক্ষক ওমেশ চন্দ্ৰ দাস,ৰহা মহাবিদ্যালয় ভূগোল বিভাগৰ প্ৰবক্তা পৰাগ দাস,এ জে পাব্লিক স্কুলৰ স্বত্বাধিকাৰী মহম্মদ জহিৰুল ইছলাম সহ বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী, প্ৰশিক্ষণ শিৱিৰৰ প্ৰশিক্ষক,কন কন ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।