২০জুন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাৰ বিভিন্ন প্ৰান্তত ৰাভা দিৱস আয়োজনৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা শাখা সাহিত্য সভা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু নূপুৰ ডান্চ একাডেমি ৰ সহযোগত ৰাভা দিৱস আয়োজনৰ প্ৰস্তুতি চলাই থকা ৰ লগতে ৰহা সৃজনী স্বৰ সাধনালয়ৰ উদ্যোগত ৩য় বাৰ্ষিক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস আয়োজনৰ প্ৰস্তুতি চলাই থকা হৈছে।

        ৰহা সৃজনী স্বৰ সাধনালয়ৰ অধ্যক্ষ পংকজ কুমাৰ পাৰৈয়ে জানিব দিয়ে যে ২০জুন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে কলাগুৰু ৰ পুষ্য স্মৃতিত ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত ক,খ আৰু গ তিনিটা শাখাত  ৰভা সংগীত প্ৰতিযোগিতা ৰ আয়োজন কৰা হব।

      অধ্যক্ষ পংকজ কুমাৰ পাৰৈয়ে সমুহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা ৰ কামনা কৰি ইচ্ছুক প্ৰতিযোগী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

     প্ৰতিযোগিতা ক শাখা প্ৰথম ৰ পৰা চতুৰ্থ শ্ৰেণী,খ শাখা পঞ্চম ৰ অষ্টম শ্ৰেনী আৰু গ শাখা ত নবম ৰপৰা স্নাতক ছাত্ৰ ছাত্ৰী ৰ মাজত অনুষ্ঠিত হব।

          প্ৰতিযোগিতা ৰ অন্তত বিজয়ী প্ৰতিযোগী সকলক নগদ ধন, মোমেন্টো আৰু মানপত্ৰ প্ৰদান কৰি পুৰস্কৃত কৰা হব।