২০জুন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাৰ বিভিন্ন প্ৰান্তত ৰাভা দিৱস উদযাপন ৰ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা শাখা সাহিত্য সভা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা, নূপুৰ ডেন্চ একাডেমী আৰু ৰহাবাসি ৰাইজৰ সহযোগত ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত দিনৰ ১বজাৰ ৰাভা দিৱস আয়োজনৰ প্ৰস্তুতি চলাই থকা হৈছে।

    ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰং, সম্পাদক লখী প্ৰসাদ ডেকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি,সম্পাদক ভাৰত বৰুৱা, নূপূৰ ডেন্চ একাডেমী ৰ চিমি ৰাজবংশীয়ে জানিব দিয়ে যে ২০জুন ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা ৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে ৰাভা সংগীত আৰু নৃত্য ৰ আয়োজন কৰা হব।

        উদ্যোগতা সকলে সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা ৰ কামনা কৰিছে।