শিৱসাগৰঃ- সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাতো বিকশিত কৃষি সংকল্প অভিযানৰ অলপতে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। উল্লেখ যে, শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সতীশ চন্দ্ৰ ঠাকুৰীয়াই অহা ১২ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া বিকশিত কৃষি সংকল্প অভিযানৰ সজাগতা বাহনৰ ফ্লেগ অফ আৰু বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে এই অভিযান জিলাখনত আৰম্ভ কৰে। জিলাখনৰ অন্তৰ্গত নিতাইপুখুৰীৰ ৰাজহুৱা সভাকক্ষত অনুষ্ঠিত প্ৰায় দুশ কৃষক ৰাইজ উপস্থিত থকা সজাগতা সভাত আদৰণি ভাষণ প্ৰদান কৰে শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ অৰুন্ধতী বৰদলৈয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, জিলা কৃষি বিষয়া আচিফ বৰা, সহকাৰী কৃষি সঞ্চালক অমৃত শইকীয়া, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ সঞ্চালক ড০ অনুপ দাস, কৃষি শস্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ কল্যাণ পাঠক, কৃষি বিভাগৰ মহকুমা কৃষি বিষয়াসকলৰ লগতে মীন আৰু পশুপালন আৰু পশুধন বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ-কৰ্মচাৰীসকল ৷ সভাত আমন্ত্ৰিত বিষয়াবৃন্দই ভাষণ প্ৰদান কৰি কৃষকসকলক কৃষি কৰ্মত ব্ৰতী হৈ বিকশিত ভাৰত গঢ়াৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ সজাগতা সভাত উপস্থিত ১০জন কৃষকৰ মাজত "Soil Health Card" বিতৰণ কৰি কৃষক ৰাইজক উৎসাহিত কৰা হয় ।