শিৱসাগৰঃ- -শিৱসাগৰ জিলা আয়ুক্ত ভৱনৰ চুকাফা সভাকক্ষত জিলা আয়ুক্ত আয়ুস গৰ্গ, IAS ৰ সভাপতিত্বত যোৱা ২৬ মে’ত শিৱসাগৰ জিলা ভিত্তিক স্বাস্থ্য সমিতিৰ শিশু আৰু প্ৰসূতি মৃত্যুৰ এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে (ACS) ই সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনায় । জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই সভাৰ মুল উদ্দেশ্য ব্যাখ্যা কৰে । তাৰ পাছতেই জিলা স্বাস্থ্য সমিতিৰ পৰ্যালোচনা সভাখনিত স্বাস্থ্য বিভাগৰ প্ৰতিটো সুচাঙ্কৰ লগতে জিলাখনত দৈনিক বৃদ্ধি পাবলৈ ধৰা শিশু আৰু প্ৰসূতি মৃত্যুৰ সন্দৰ্ভত পৰ্যালোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে শিৱসাগৰ জিলাৰ সচেতন মহলে স্বাস্থ্য বিভাগৰ দ্বাৰা বাৰাম্বাৰ অনুষ্ঠিত হৈ থকা এনেধৰণৰ পৰ্যালোচনা সভাসমূহে জিলাখনত দৈনিক বৃদ্ধি পোৱা শিশু আৰু প্ৰসূতি মৃত্যুৰ সংখ্যা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই বুলি সংবাদ মাধ্যমৰ যোগেদি অভিযোগ উত্থাপন কৰিছে ৷ উক্ত পৰ্যালোচনা সভাত শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ শাখা বিষয়া পৰিস্মিতা দিহিঙ্গীয়া (ACS) কে ধৰি প্ৰতিটো আমব্ৰেলা প্ৰগ্ৰেমৰ ন'ডেল বিষয়া, জিলা প্ৰতিষেধক বিষয়া, জিলা যক্ষ্মা বিষয়া, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক, ডিমৌ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অধীক্ষক, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া SDCH, লিগিৰীপুখুৰীৰ অধীক্ষক, শিৱসাগৰ আৰ্বানৰ মহকুমা স্বাস্থ্য বিষয়াৰ লগতে সদস্যসকল, কেইবাজনো চিকিৎসক ও স্বাস্থ্য বিষয়া, আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া, জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনৰ লগতে ডি পি এম ইউ আৰু বি পি এম ইউৰ সদস্যসকল উপস্থিত থাকে।