গল্পকাৰ, শিশু-সাহিত্যিক, সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁই দেহাৱসান ।

নাজিৰাৰ বিশিষ্ট সাংবাদিক, গল্পকাৰ তথা শিশু-সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁই চিকিৎসাধীন অৱস্থাত দেহাৱসান । 

গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ-প্ৰাপ্ত মূৰব্বী অধ্যাপক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ বুঢ়াগোহাঁই হৃদৰোগত আক্ৰান্ত হোৱাৰ লগতে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ প্ৰায় পষেক কাল পূৰ্বে শয্যাগত হৈ ডিব্ৰুগড়ৰ মেডিচিটি চিকিৎসালয়ত চিকিৎসকৰ তত্বাৱধানত আছিল ।

আজি বিয়লি দেহাৱসান ঘটে দুৰ্লভ বুঢ়াগোঁহাই৷ ৮৫ বছৰ বয়সত দেহাৱসান ঘটে দুৰ্লভ বুঢ়াগোঁহাই৷