শিৱসাগৰঃ শিৱসাগৰ জিলাৰ অন্যতম নাট্য অনুষ্ঠান নাট্যপীঠৰ উদ্যোগত, সংগীত নাটক অকাডেমী-নতুন দিল্লীৰ পৃষ্ঠপোষকতাত আৰু সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ তত্বাৱধানত ৩০ দিনীয়া প্রযোজনা ভিত্তিক 'ঝুমুৰা কর্মশালা'ৰ প্ৰশিক্ষাৰ্থীসকলে শিৱসাগৰৰ হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহৰ ৰংগমঞ্চত জ্যেষ্ঠ নাট্যশিল্পী প্ৰশান্ত শৰ্মাৰ পৰিচালনাৰে শ্রীশ্রী মাধৱদেৱ বিৰচিত "অর্জুন-ভঞ্জন" নাটভাগি প্রদর্শন কৰে ৷ নাটখনিৰ নৃত্য নির্দেশনা নিতুল বৰা বৰবায়নৰ ৷ আনহাতে সংগীত পৰিচালনা উদয় দত্ত আৰু ৰূপসজ্জা/সাজসজ্জা প্ৰদীপ হাজৰিকাৰ ৷ বিশেষকৈ শিশু কৃষ্ণই কৰা বাল্যসূলভ আচৰণ আৰু চাতুৰিক কেন্দ্ৰ কৰি নাটকৰ বিষয়বস্তু ৰচিত হৈছে ৷ আনহাতে পূৰ্ণাংগ কাহিনীতকৈ নাট্য নিৰ্মাণৰ দিশটোহে নাটকখনত বিশেষভাৱে প্ৰতিফলিত হৈছে ৷ উল্লেখযোগ্য যে, নাট্যপীঠৰ অধ্যক্ষ প্ৰশান্ত শৰ্মাৰ পৰিচালনাত আধুনিক মঞ্চৰ সীমিত সা-সুবিধাৰ মাজত যথা সম্ভৱ নাটখনি শুদ্ধকৈ পৰিৱেশন কৰিবলৈ চেষ্টা কৰা হৈছে বুলি ক’ব পাৰি ৷ মাধৱদেৱ বিৰচিত "অৰ্জুন-ভঞ্জন" নাটখনিয়ে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয় ৷