আজি নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নাজিৰা সমজিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সমজিলা আয়ুক্ত কণিকাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত নাজিৰা সমজিলাৰ চৰকাৰী বিভাগসমূহৰ মূৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰে। 

 আজিৰ বৈঠকত সমজিলা আয়ুক্ত কণিকাই খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি, শিক্ষা, লোকনিৰ্মাণ (পথ আৰু গৃহ), জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য,খণ্ড উন্নয়ন, আবকাৰী, মহিলা আৰু শিশু উন্নয়ন,শক্তি, মীন, ভূমি সংৰক্ষণ,উদ্যোগ আৰু বাণিজ্য, জলসম্পদ, জলসিঞ্চন, পৌৰসভা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আদিকে ধৰি প্ৰতিটো চৰকাৰী বিভাগৰ কামকাজৰ বিতং পৰ্যালোচনা কৰাৰ লগতে সমজিলাখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিসমূহৰ কাৰ্য ৰূপায়ণৰ অগ্ৰগতিৰ খতিয়ান লয়। বিভাগীয় আঁচনি আৰু কাম-কাজৰ গুণগত মান বজাই ৰাখি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সমজিলা আয়ুক্তয়ে বিভাগীয় মূৰব্বীসকলক বৈঠকত নিৰ্দেশ দিয়ে।