চিলাপথাৰৰ ডিমৌত হত্যাকাণ্ডৰ ঘটনা, প্ৰশাসনক দোষীক কৰায়ত্তৰ দাবী আগছু , টি এম পি কে ৰ

চিলাপথাৰৰ ডিমৌ চাৰিআলিত যোৱা ৮ আগষ্টৰ নিশা ব্যৱসায়ী ভক্ত বাহাদুৰ (দিলিপ) ছেত্ৰীৰ লগত নিজ খুলশালি চিত্ৰ পাংগিং দুয়োৰে মাজত সাধাৰন বিষয়ক লৈ তৰ্ক বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত অৱশেষত খুলশালী চিত্ৰ পাংগিঙে ভিনিয়েক ভক্ত বাহাদুৰ ছেত্ৰীক হত্যা কৰা ঘটনাই আজিও চাঞ্চল্যৰ সৃষ্টি কৰিছে । উক্ত ঘটনাৰ হত্যাকাৰী বৰ্তমান ৯ দিনে পলাতক হোৱাৰ আলম লৈ একাংশ অসাধু চক্ৰই মিচিং আৰু গোৰ্খা দুয়োটা জাতিৰ মাজৰ ভাতৃত্ববোধক বিভাজনৰ কৌশল সৃষ্টি কৰাৰ খবৰক লৈ উত্তেজিত হৈ পৰিছে দুয়োটা সংগঠনে ৷ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে আজি পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই । গতিকে দুষ্কৃতিৰ অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টামুলক শাস্তি প্ৰদান কৰিবলৈ TMPK চিলাপথাৰ জিলা সমিতি আৰু ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ যৌথভাৱে প্ৰয়াত ভক্ত বাহাদুৰ ছেত্ৰীৰ বাসগৃহত আজি উপস্থিত হৈ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে হত্যাকাৰীক তীব্ৰ ভাষাৰে গৰিহণা দি নৰপিশাচ গৰাকীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনালে দুয়োটা সংগঠনে।