শিৱসাগৰ ---শিৱসাগৰ আদৰ্শ চিকিৎসালয়ৰ সভাকক্ষত ২০ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতাৰ সভাপতিত্বত যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈকে শিশু মৃত্যুৰ জিলা ভিত্তিক বিশেষ পৰ্যালোচনা সভা এখন অনুষ্ঠিত হয় । সভাৰ আঁত ধৰি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকগৰাকীয়ে আৰম্ভণিতে সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনায় ৷ উল্লেখযোগ্য যে, সভাত পোনপ্ৰথমে শিশু মৃত্যুৰ সংখ্যা বৃদ্ধিৰ বাবে অতিকৈ দুখ প্ৰকাশ কৰে যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকগৰাকীয়ে । আৰু লগতে অহা মাহৰ পৰা যাতে এই সংখ্যা হ্ৰাস হয় তাৰ বাবে সভাত উপস্থিত সকলোকে আহ্বান জনায় । উক্ত সভাত শিশু মৃত্যুৰ বিভিন্ন দিশৰ ওপৰত অতি বিশদভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আনহাতে প্ৰতিটো স্বাস্থ্য খণ্ডই এক PPT আকাৰে প্ৰতিটো শিশু মৃত্যুৰ কাৰণ উপস্থাপন কৰে ৷ এই পৰ্যালোচনা সভাত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে মৃত্যু হোৱা প্ৰতিগৰাকী নৱজাতক/শিশুৰ মৃত্যু কাৰণ সম্পৰ্কে অতি গুৰুত্ব সহকাৰে প্ৰত্যেকটো দিশ পৰ্যালোচনা কৰে । সভাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰঞ্জিত হাজৰিকা, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ শিশু বিশেষজ্ঞ ডাঃ বিশ্বজিৎ হাজৰিকা, নাজিৰা মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ সাধন বৰা, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ ৰূপম বৰকাকতি, ডিমৌ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা, নাজিৰা এছ ডি চি এইচ লিগীৰিপুখুৰীৰ উপ-অধীক্ষক ডাঃ কোকিল গগৈ, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনকে ধৰি আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াৰ লগতে চিকিৎসালয় প্ৰশাসক, ডি পি এম ইউ আৰু বি পি এম ইউৰ সদস্যসকল উপস্থিত থাকে ৷