১৯৬৪ চনত শিৱসাগৰত ছোৱালীৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি বিশিষ্ট আইনবিদ প্ৰয়াত তোষেশ্বৰ দত্তৰ সহযোগিতাত শিৱসাগৰ ছোৱালী কলেজ প্ৰতিস্থা কৰা হয়। আৰু প্ৰয়াত টোষেশ্বৰ দত্তক অধ্যক্ষ হিচাবে মনোনীত কৰা হয়। 

  এই শিক্ষানুষ্ঠান খনিয়ে গৌৰৱময় ইতিহাস ৰচনা কৰি ৬০বছৰত ভৰি দি ৯/১০/১১ / ২০২৫ত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ কৰা হীৰকজয়ন্তীৰ আজি সামৰণি অনুষ্ঠান। 

 প্ৰথম দিনাৰ কাৰ্য্যসূচীত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গ্ৰন্থমেলা , প্ৰদৰ্শনী, প্ৰাক্তনশিক্ষক -কৰ্মচাৰীৰ সম্বৰ্ধনা অনুষ্ঠান, প্ৰাক্তন ছাত্ৰী সমাৰোহৰ আয়োজন কৰাহয়। 

দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত বৃক্ষৰোপন , প্ৰতিস্থাপক অধ্যক্ষ স্বৰ্গী য় তোষেশ্বৰদত্তৰ আৱক্ষমূৰ্তিৰ উন্মোচন, প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় বীৰেণ বৰকটকী স্মাৰক বক্তৃতানুষ্ঠান আদি।দ্বিতীয় দিনৰ কাৰ্য্যসূচীত উপস্থিত থাকে পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং।

 তৃতীয় দিনাৰ কাৰ্য্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা , মুকলিসভা, স্মৰণিকা উন্মোচন ।স্মৰণিকা উন্মোচন কৰে অসম সাহিত্যসভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। মুকলি সভাত অসম মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰীযোগেন মহন, শিক্ষামন্ত্ৰী ৰণোজ পেগু, পৱিত্ৰ মাৰ্ঘেৰিটা, পদ্মশ্ৰী ইমৰাণশ্বাহ,অৰ্জুন বঁটাপ্ৰাপক ভোগেশৰ বৰুৱাকেআদিকৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।বিয়লি সাংস্কৃতিক কাৰ্য্যসূচীৰে সামৰণি পৰে।